Endovascular & Interventional Radiology Clinic
- vasocare
- Apr 27, 2020
- 1 min read
Updated: Sep 4, 2020
ইন্টাৰভেনচনল ৰেডিওল'জী
ইন্টাৰভেনচন ৰেডিওল'জী হৈছে শৈল চিকিৎসাৰ এক অত্যাধুনিক বিকল্প পদ্ধতি I অস্ত্ৰোপচাৰ অবিহনে সামান্য সুক্ষ্ম ছিদ্ৰ এটা কৰিয়ে এই পদ্ধতিৰ দ্বাৰা বহুতো ৰোগৰ চিকিৎসা সম্পন্ন কৰা হয়। এস্কৰে, চি টি স্কেন, আল্ট্ৰাচাউণ্ড আদি ৱ্যৱহাৰ কৰি বেজী আৰু কেথেটাৰৰ প্ৰয়োগেৰে বিভিন্ন ধৰণৰ অত্যাধুনিক অস্ত্ৰোপচাৰৰ দ্বাৰা বিভিন্ন ৰোগৰ চিকিৎসা কৰা হয়। এসময়ত অস্ত্ৰোপচাৰ প্ৰয়োজন হোৱা বহুতো বেমাৰৰ চিকিৎসা এতিয়া এই বিশেষ অত্যাধুনিক ইন্টাৰভেনচন ৰেডিওল'জী বিকল্প পদ্ধতিৰ দ্বাৰা সামান্য ছিদ্ৰ এটা কৰিয়ে বহুতো ৰোগৰ চিকিৎসা সম্পন্ন কৰা হয়।
এই পদ্ধতি কম খৰছত, বেছি আৰামদায়ক, কম বিপদসঙ্কুল, কম সংক্ৰমণাত্মক, সোণকালে আৰোগ্য কৰা তথা সামাণ্য চেতনানাশক ব্যৱহাৰ কৰি কৰা হয়। এই পদ্ধতিৰ আন সুবিধাবোৰ হৈছে কম বেদনাদায়ক, তুলনামুলকভাবে কম সময়ৰ বাবে ৰোগীসকল চিকিৎসালয়ত ভৰ্তি থাকিবলগা হয় । এই পদ্ধতিৰ অস্ত্ৰোপচাৰত কোনোধৰনৰ কটাছিঙা বা দাগ থকাৰ ভয় নাথাকে l এই পদ্ধতিৰ দ্বাৰা কৰা চিকিৎসাৰ পিছত অতি সোণকালে ৰোগীসকল নিজা কামত যোগদান কৰিব পাৰে I
এই অত্যাধুনিক পদ্ধতিৰ দ্বাৰা ভৰিৰ পৰা মূৰলৈকে বহুতো ৰোগৰ চিকিৎসা অস্ত্ৰোপচাৰ অবিহনে বিশেষ বেজীৰ দ্বাৰা সুক্ষ্ম ছিদ্ৰ এটাৰ জৰিয়তে গাইড ওইয়াৰ আৰু বিভিন্ন ধৰণৰ কেথেটাৰ প্ৰোয়োগ কৰি কৰা হয়।

খৰচ কিমান পৰে জনাবচোন।